fat, obese, obesity-3313923.jpg

“শকত হোৱাতো কিমান বিপদজনক ?”

এনে এটা সময় আছিল যেতিয়া ঘৰৰ ল’ৰাটো বা ছোৱালীজনী শকত বা নোদোকা হোৱাটো সকলোৱে বিচাৰিছিল। কিন্তু আধুনিক জীৱন যাপনৰ শৈলী আঁকোৱালি লৈ সময়ৰ সৈতে খোজ মিলাবলৈ যাওঁতে আমাৰ মাজত এতিয়া ক্ৰমাৎ গঢ় লৈ উঠিছে এক আধুনিক ব্যাধি- মেদবহুলতা (obesity)। দেহত যেতিয়া চৰ্বি ইমান বেছি পৰিমাণে জমা হয় যে সি শৰীৰত পাৰ্শ্ব ক্ৰিয়া দেখুৱাবলৈ আৰম্ভ কৰে, তাকে মেদবহুলতা বুলি কোৱা হয়। ই বৰ্তমানৰ দিনত প্ৰতিৰোধ কৰিব পৰা এটা উল্লেখনীয় ব্যাধি। যদি ইয়াক বাধা দিয়া নাযায় গোটেই বিশ্বৰ বহুলোক ইয়াৰ চিকাৰ হৈ পৰিব। ২০১৩ চনত American Medical Association-য়ে মেদবহুলতা এক ব্যাধি বুলি ঘোষণা কৰিছে। ২০১৫চনত সমগ্ৰ বিশ্বৰ ১২% প্ৰাপ্তবয়স্ক (৬০০ মিলিয়ন) আৰু ১০০ মিলিয়ন অপ্ৰাপ্তবয়স্ক মেদবহুল বুলি চিনাক্তকৰণ হৈছে । 

শকত হোৱাৰ সংজ্ঞাটোনো কি ? প্ৰাপ্তবয়স্ক এজন মেদবহুল বা শকত বুলি কোৱা হয় যদি তেওঁৰ Body Mass Index বা চমুকৈ BMI ( ) 30 Kg./Mবা বেছি হয়। এজন কিশোৰৰ ক্ষেত্ৰত BMI যদি 95% Percentile ৰ ওপৰত থাকে তেতিয়া হ’লে তেওঁক শকত বুলি কব পাৰি।

BMI(Kg/M2)Classification
FromUpto 
 18.5Under Weight
18.525.0Normal Weight
25.030.0Over Weight
30.035.0 and aboveObese

এইটো উল্লেখনীয় যে দক্ষিণ এছিয়াৰ দেশসমূহ বিশেষকৈ ভাৰতীয়সকলৰ বংশগতভাৱে শকত হোৱাৰ প্ৰৱণতা আছে। ক্ৰমাৎ বাঢ়ি অহা Processed Food আৰু Fast Food ৰ ব্যৱহাৰ তথা আমাৰ অজ্ঞতাই আমাক বিশেষকৈ যুৱ প্ৰজন্মক ভয়াৱহতাৰ গৰাহলৈ ঠেলি দিছে। American Institute for Cancer Research য়ে কৈছে যে শৰীৰক নিয়মীয়া মাত্ৰাৰ ভিতৰত ৰখাটো কৰ্কট ৰোগ প্ৰতিৰোধৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা। কিয়নো শৰীৰৰ অতিৰিক্ত ওজন শৰীৰৰ বিভিন্ন অংগৰ দুৰাৰোগ্য কৰ্কট ৰোগ হোৱাৰ অন্যতম কাৰণ। ইয়াৰ উপৰিও মেদবহুল শৰীৰত বাহ লয় অইন বহুতো বেমাৰৰ বীজ যেনে- উচ্চ ৰক্তচাপ, মধুমেহ, হাড়ৰ বেমাৰ (Osteoarthritis), হতাশা ইত্যাদি। বিশেষকৈ যুৱ সমাজৰ মাজত বৃদ্ধি হোৱা মধুমেহ ৰোগ (Diabetes), উচ্চ ৰক্তচাপ (Hypertension), সন্তানহীনতা (Infertility) ইত্যাদিৰ অতি প্ৰাদুৰ্ভাৱে আমাৰ ভৱিষ্যত সংকটজনক কৰি তুলিছে ।

আমাৰ মাজত অভাৱনীয়ভাবে বৃদ্ধি পাই অহা মেদবহুলতাৰ কাৰণ যিমান সৰল যেন লাগে, প্ৰকৃততে সি সিমান সৰল আৰু বোধগম্য নহয়। তথাপিও সাধাৰণতে দেখা যায় যে যিসকলে উচ্চ শক্তি সম্পন্ন খাদ্য (High Calorie food) গ্ৰহণ কৰে, কিন্তু সেই অনুপাতে আৰ্জিত শক্তিখিনি খৰচ নকৰে, তেওঁলোকৰ ৰাহি হোৱা শক্তিখিনি শৰীৰত জমা হোৱা আৰম্ভ হয়। মেদবহুলতা এদিনতে আৰম্ভ হোৱা বেমাৰ নহয়। ই আৰম্ভ হয় অতি সংগোপনে, লাহে লাহে, সুদীৰ্ঘ দিনৰ জমা হোৱা শক্তিকাৰক খাদ্যসমূহ আৰু ৰাহি হোৱা শৰীৰৰ শক্তিৰ আঁৰ লৈ । সাধাৰণ বিশ্বাসমতে শকত হোৱাতো বংশগত লক্ষণ । কিন্তু কিছুমান অতি বিশেষ অৱস্থা যেনে Pradder Willi Syndrome আদিৰ বাদে শকত হোৱাটো প্রকৃততে জড়িত- আমাৰ সৰুকালৰপৰা গঢ় লৈ উঠা খাদ্যাভাসৰ লগত । অধিকাংশৰ ক্ষেত্রত বেছি শকত হোৱাৰ প্ৰৱণতা জড়িত হয় পাৰিপাৰ্শ্বিক ব্যৱস্থাৰ লগত । কিন্তু স্বভাৱগতভাৱে আমি ইয়াক বংশগত ৰূপ দিবলৈ যত্ন কৰোঁ । অৱশ্যে কিছুমান ৰোগ যেনে Hypothyroidism, Cushing Syndrome ইত্যাদি মেদবহুলতাৰ লগত জড়িত। কিছুমান দৰৱ সেৱন কৰিলেও আমাৰ শৰীৰৰ ওজন বাঢ়িব পাৰে, যেনে- Corticosteroids, Epilepsy, Diabetes ৰ দৰৱ, Antidepressant, anti psychotic ইত্যাদি। আমোদজনকভাৱে ধূমপান সেৱন বন্ধ কৰা লোকসকলৰ মাজত ওজন বঢ়াৰ প্ৰৱণতাহে দেখা পোৱা যায় ।

শকত হোৱাটো যে এটা ৰোগ বা ৰোগৰ বীজ সেই কথাটো হৃদয়ংগম আৰু বিশ্বাস কৰিবলৈ আমাৰ মাজত সজাগতা অনাৰ দৰ্কাৰ আছে । জনসাধাৰণৰ মাজলৈ যদি আমি সুস্থ জীৱন শৈলী, খাদ্যাভাসৰ ধাৰণা লৈ যাওঁ আৰু নিয়মীয়া শাৰীৰিক পৰিশ্ৰম কৰাৰ অভ্যাস সৰু কালৰেপৰা গুৰুত্বসহকাৰে লওঁ, তেতিয়াহ’লে আধুনিক জীৱনৰ এই মাৰাত্মক ব্যাধি কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰিত হয় । প্ৰমাণিত হৈছে যে দৈনিক শাৰীৰিক ব্যায়ামে (বিশেষকৈ আজৰি সময়ত কৰা) ওজন কমাওঁতে সহায় কৰে আৰু লগতে মেদবহুলতা জড়িত ৰোগবোৰ প্ৰতিৰোধ কৰাত সহায় কৰে ।

বিজ্ঞানতসন্মত ওজন কমোৱা বিধিবোৰ যেনে- খাদ্যাভাস, শাৰীৰিক ব্যায়াম, দৰৱ আৰু শল্যচিকিৎসা চৰ্চালৈ আহিছে । গৱেষণা পত্ৰবোৰে মত দাঙি ধৰিছে যে খাদ্যাভাস জড়িত (Diet) চিকিৎসাই 4-6 Kilogram ওজনকমাব পাৰে । অকল শাৰীৰিক ব্যায়াম (Physical Exercise) জড়িত চিকিৎসাই 2-3 Kg ওজন কমাব পাৰে । ঠিকতেনেদৰে শল্যচিকিৎসাই 20-40 Kg ওজন কমোৱাত সক্ষম হ’ব পাৰে ।

আজিৰ দিনত ওজন বঢ়াটো বা শকত হোৱাটো বহুসময়ত আহিবলগীয়া বেমাৰৰ পূৰ্বাৱস্থা (Pre condition) বুলিবিবেচিত হৈছে । বিভিন্ন ধৰণৰ ব্যাধিৰ নাম বৰ্তমান ইয়াৰ লগত জড়িত হৈ পৰিছে । অনাগত দিনবোৰত যদি ইয়াকপ্ৰতিৰোধ কৰা নাযায়, তেতিয়াহ’লে হয়তো ই আমাৰ যুৱপ্ৰজন্মক ঘূণীয়া কৰি পেলাব । বিভিন্ন ধৰণৰ চিকিৎসাব্যৱস্থা বিজ্ঞানসন্মত গৱেষণাৰদ্বাৰা চিহ্নিত হৈছে । সেই সমূহৰ ভিতৰতে শল্যচিকিৎসা (Bariatric Surgery) আটাইতকৈ ফলদায়ক বুলি গৱেষণাৰদ্বাৰা প্ৰমাণিত ।    

ডা° অঞ্জনজ্যোতি শৰ্মা

শল্য চিকিৎসক, প্ৰতীক্ষা হস্পিতাল

বৰবাৰী, ভি.আই.পি. ৰোড, গুৱাহাটী

যোগাযোগ:- ৯৪৩৫৫২৮০৯৫ 

                                                             

                                                               

                                                               

Leave a Comment

Your email address will not be published.